ডাউনলোড
মোবাইল এপ

android apple
signal

চৰকাৰে ২০২৫-২৬ চনৰ ভিতৰত দেশৰ বিত্তীয় ঘাটি ৪.৫ শতাংশলৈ হ্ৰাস কৰিবঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চৰকাৰে ২০২৫-২৬ চনৰ ভিতৰত দেশৰ বিত্তীয় ঘাটি ৪ দশমিক ৫ শতাংশলৈ হ্ৰাস কৰিব। লোকসভাত আজি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেঁও কয় যে, ভাৰত কোৱিডৰ পাছত সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে পৰিগণিত হৈছে। ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে সকলোৱে একেলগে কাম কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কোৱিড মহামাৰীৰ পাছতো ভাৰতীয় অৰ্থব্যৱস্থা উজ্বল স্থানৰ দৰে জিলিকি উঠিছে। মন্ত্ৰীগৰাকীয়ে বিগত ৩ বছৰত ভাৰতে বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অর্থব্যৱস্থাৰূপে মর্যাদা অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দেশৰ নাগৰিক, মধ্যবিত্ত, উদ্যমী, খেতিয়ক, উপান্ত শ্ৰেণীৰ শ্রমিক, আৰু ব্যৱসায়ীসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদর্শী নেতৃত্ব অবিহনে এয়া সম্ভৱ নহ’লহেতেন।

ইয়াৰ পূৰ্বে লোকসভাত বাজেট সম্পর্কে আলোচনাত অংশ লৈ বিজেপিৰ দেৱেন্দ্র সিঙে কয় যে, এই বাজেটে দেশক সর্বাত্মক বিকাশৰ দিশে আগুৱাই নিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ কৃষকসকলৰ কল্যাণৰ বাবে দায়বদ্ধ আৰু বাজেটত কৃষি খণ্ডৰ উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ আৱণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁ কয় যে, সমগ্র দেশত প্ৰাকৃতিক কৃষি কাৰ্যক উৎসাহিত কৰাৰ ক্ষেত্ৰত এই বাজেটে বিশেষ ভূমিকা পালন কৰিব। তদুপৰি কর্মসংস্থাপন সৃষ্টিৰ বাবেও বাজেটত ভালেমান পদক্ষেপৰ কথা ঘোষণা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ বিপৰীতে সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱে কয় যে, এইবাৰৰ বাজেটখন কৰ্মসংস্থাপন হীনতা আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ প্ৰসংগত নীৰৱ বুলি ক’ব পাৰি। তেওঁ কয় যে, উত্তৰ প্ৰদেশৰ বাবে কোনো প্ৰকল্পৰ কথা বাজেটত ঘোষণা কৰা হোৱা নাই ৷ ইপিনে চি পি আই এমৰ সাংসদ অমৰাৰামে বাজেটখনত কৃষক, সৈনিক, মহিলা আৰু দৰিদ্ৰসকলৰ বাবে বিশেষ কোনো সুবিধা ৰখা নাই বুলি অভিযোগ তোলে। এল জে পি ৰামবিলাশৰ ৰাজেশ বৰ্মাই ইয়াৰ বিপৰীতে কয় যে, বাজেটখনে যুৱপ্ৰজন্ম, মহিলা, দৰিদ্ৰ আৰু কৃষকসকলৰ সহায়ৰ বাবে ভালেমান ব্যৱস্থা ৰাখিছে।

ৰাজ্যসভাতো আজি বাজেট সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ এন চি পিৰ প্রফুল্ল পেটেলে কয় যে, কেন্দ্ৰীয় চৰকাৰে বিত্তীয় অনুশাসনমূলক দৃষ্টিভংগী গ্ৰহণ কৰাৰ লগতে ২০১৪ চনৰে পৰা দেশৰ বিত্তীয় অৱস্থা বৰ্তাই ৰখাত সফল হৈছে। তেওঁ কয় যে, যুবক-যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টি এইবাৰৰ বাজেটৰ অন্যতম লক্ষ্য হিচাপে পৰিগণিত হৈছে। তদুপৰি চৰকাৰে এইবাৰৰ বাজেটত আন্তঃগাঁথনি খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

অনুৰূপ মত প্ৰকাশ কৰি বিজেপি সাংসদ ভূৱনেশ্বৰ কলিতাই কয় যে এইবাৰ বাজেটত দৰিদ্ৰ, কৃষক, মহিলা, মধ্যবিত্ত আৰু আন্তঃগাঠনিৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ প্ৰশংসা কৰি সাংসদগৰাকীয়ে কয় যে, এনে পদক্ষেপৰ বাবে ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে চৰকাৰে ৮০ কোটি লোকক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক