ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি দোহাত হ’বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ খেলত এছিয়াৰ বৰ্তমানৰ চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৯ বাজি ১৫ মিনিটত আৰম্ভ হ’ব। কোৱালিফায়াৰ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হ’বৰ বাবে ভাৰতে গ্রুপ-এৰ শীৰ্ষ দুটা স্থানৰ যিকোনো এটা দখল কৰিব লাগিব। ইপিনে প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰা দলসমূহে সমান্তৰালভাৱে ছৌদি আৰবত হ’বলগীয়া ২০২৭ বৰ্ষৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ বাবেও যোগ্যতা অৰ্জন কৰিব। তাৰকা খেলুৱৈ সুনীল চেত্ৰীৰ অৱসৰৰ পাছত আজিৰ খেলখনত গ’লকীপাৰ গুৰপ্ৰীত সিঙে ভাৰতীয় দলক নেতৃত্ব দিব। বৰ্তমান প্ৰতিযোগিতাৰ গ্ৰুপ-এত কাটাৰ ১৩ পইণ্টেৰে শীৰ্ষত আছে। দলটোৱে ইতিমধ্যে পৰৱৰ্তী ৰাউণ্ডত নিজৰ স্থান নিশ্চিত কৰিছে। ভাৰতে বর্তমান ৫খন খেলৰ পৰা ৫ পইণ্ট অৰ্জন কৰি উন্নত গ’ল ব্যৱধানৰ ভিত্তিত দ্বিতীয় স্থানত আছে। গ্রুপ-এত আফগানিস্তান তৃতীয় আৰু কুৱেইট চতুৰ্থ স্থানত আছে।