ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন; দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্রাণ ৰাইজে সত্ৰ, নামঘৰলৈ গৈ পূজা-অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উদযাপন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাঁকে বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ আৰু শ্ৰীকৃষ্ণ জনমভূমি মন্দিৰকে ধৰি হাজাৰ হাজাৰ মন্দিৰ এই উপলক্ষে সুন্দৰভাৱে সজাই তোলা হৈছে।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি জন্মাষ্টমীৰ প্ৰাকক্ষণত দেশবাসী তথা প্রবাসী ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে কয় যে, এই উৎসৱে আমাক ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক আদৰ্শৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ বাবে উৎসাহিত কৰে। শ্ৰীমতী মুৰ্মুৱে শ্ৰীমদ্ভাগৱৎ গীতাত থকা শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথোপকথনক সমগ্ৰ মানৱ জাতিৰ বাবে উত্তৰণ আৰু প্ৰেৰণাৰ শাশ্বত উৎস বুলি আখ্যা দিয়ে। তেওঁ শ্ৰীকৃষ্ণৰ আদর্শেৰে পৰিচালিত হোৱাৰ লগতে দেশৰ সমৃদ্ধি তথা প্ৰগতিৰ বাবে কাম কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে এই উপলক্ষে ৰাইজক শুভেচ্ছা জনায় তেওঁ কয় যে জন্মাষ্টমী হৈছে গভীৰ আধ্যাত্মিক তাৎপর্যৰ দিন। তেওঁ লগতে ভগৱান শ্ৰীকৃষ্ণৰ কালজয়ী শিক্ষাক সকলোৰে জীৱনত প্ৰতিফলিত কৰিবলৈ আৰু সমাজত ঐক্য শান্তি আৰু সম্প্ৰতি গঢ়ি তুলিবলৈ আহ্বান জনায়। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক