ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ কল্যাণ আৰু উন্নয়নৰ যাত্ৰা দ্রুতগতিৰে আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ কল্যাণ আৰু উন্নয়নৰ যাত্ৰা দ্রুত গতিৰে আগবঢ়াই লৈ যোৱাৰ লগতে এই লোকসকল দীর্ঘ দিন ধৰি বঞ্চিত হৈ থকা বুনিয়াদী সা-সুবিধাসমূহকে ধৰি সকলো সুবিধা প্ৰদান কৰাৰ বাবে ব্যৱস্থা কৰিছে। জনজাতীয় গৌৰৱ দিৱসৰ প্রাকসন্ধ্যা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে স্বাধীনতাৰ কেইবা দশক পাছতো জনজাতীয় সম্প্ৰদায়ৰ বহু লোক পানীযোগান, বিদ্যুৎ, পথ যোগাযোগ, গৃহ, স্বাস্থ্য সেৱাৰ সুবিধা, শিক্ষা আৰু নিয়োগকে ধৰি ভালেমান বুনিয়াদী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, তেওঁ শৈশৱৰে পৰা বহু জনজাতীয় নায়কৰ বীৰ গাথা শুনি আহিছে। তেওঁলোকৰ ভিতৰত তিলকা মাঝি আৰু ভগৱান বীছা মুণ্ডা অন্যতম বুলি শ্ৰীমতী মুর্মুৱে প্ৰকাশ কৰে। তেওঁ লগতে চাওতালী ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দ্বাৰা নিজেও এই প্ৰচেষ্টাত অৰিহণা যোগাইছিল বুলি সন্তুষ্টি প্রকাশ কৰে। নিজৰ ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ বাবে গ্ৰহণ কৰা উল্লেখযোগ্য পদক্ষেপসমূহৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে জনজাতীয় সম্প্ৰদায়ৰ কমেও ১০০ গৰাকী লোকে বিগত ১০ বছৰত পদ্ম সন্মান লাভ কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ এই ভাষণ কাইলৈ পুৱা ৮ বাজি ৪৫ মিনিট আৰু সন্ধিয়া ৫.৩০ বজাত আকাশবাণীৰ সকলোবোৰ মুখ্য চেনেল, স্থানীয় অনাতাঁৰ কেন্দ্ৰ, এফ এম গ’ল্ডৰ সকলোবোৰ চেনেল আৰু এফ এম ৰেইনব’ চেনেলসমূহে পুনৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুৱা ৯ বজাৰ আঞ্চলিক বাতৰি ৯ বাজি ১৫ মিনিটত প্ৰচাৰ কৰা হ’ব। জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে আয়োজন কৰা এই জনজাতীয় গৌৰৱ দিৱসত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। আকাশবাণী দিল্লীয়ে দিনৰ ১১.৩০ বজাৰ পৰা এফ এম গ’ল্ড, ইন্দ্ৰপ্ৰন্থ, আকাশবাণী লাইভ নিউজ 24×7 যোগে এই অনুষ্ঠানৰ পোনপটীয়াভাৱে প্ৰচাৰ কৰিব। এই অনুষ্ঠান সম্প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত কাইলৈ দিনৰ ১২ বাজি ৫ মিনিটৰ আঞ্চলিক বাতৰি প্ৰচাৰ কৰা নহ’ব।

অধিক পঢ়ক

সকলো চাওক