ডাউনলোড
মোবাইল এপ

android apple
signal

December 23, 2024 12:35 PM | National Farmers Day

printer

আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন কৰা হৈছে। দেশৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙৰ স্মৃতিত প্ৰতি বছৰে ২৩ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় কৃষক দিৱস ৰূপে উদযাপন কৰা হয়। এই বিশেষ দিনটোত খাদ্য সুৰক্ষা সুনিশ্চিতকৰণ, গ্ৰাম্য অৰ্থব্যৱস্থা সৱলীকৰণ আৰু দেশৰ কৃষি ঐতিহ্য সংৰক্ষণত কৃষকসকলৰ ভূমিকাক স্মৰণ কৰা হয়।

উল্লেখযোগ্য যে কৃষকসকলৰ ভূমিকাক সন্মান যাঁচি তেওঁলোকৰ আর্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত প্রধানমন্ত্রী কৃষক সন্মান নিধি, প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী কৃষক মান-ধন যোজনা অন্যতম। এই আঁচনিসমূহৰ অধীনত আৰ্থিক সুৰক্ষা, বিপদাশংকা হ্ৰাসৰ উপায়ৰ লগতে কৃষকসকললৈ দীৰ্ঘম্যাদী সামাজিক সুৰক্ষা প্ৰদান কৰি আহিছে। দেশত চলিত বৰ্ষত অভিলেখ সংখ্যক ৩৩ কোটি ২২ লাখ টন শস্য উৎপাদন কৰা হৈছে। বিগত বৰ্ষত এই পৰিমাণ ৩২ কোটি ৯৭ লাখ টন আছিল।

অধিক পঢ়ক

সকলো চাওক