ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ কৃষকৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কৃষি বিভাগৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ

ৰাজ্যৰ বিভিন্ন জিলাৰ কৃষকসকলৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ লগতে কৃষি বিভাগৰ অন্যান্য জনকল্যাণমূলক আঁচনিসমূহৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কৃষি বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু ৰহমৰীয়া কৃষি চক্ৰৰ লগতে জয়পুৰ কৃষি চক্ৰতো কৃষি বিভাগে কৃষকসকলৰ মাজত প্রধানমন্ত্রী ফচল বীমা যোজনা আঁচনিৰ সন্দৰ্ভত বিশেষ সজাগতা সভা অনুষ্ঠিত কৰে। আনহাতে, মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত আজি গড়মূৰস্থিত জিলা ঔদ্যোগিক আৰু বাণিজ্য কেন্দ্ৰৰ সভাগৃহত সামূহিক সেৱা কেন্দ্ৰ আৰু বীমা কোম্পানীৰ বিষয়ববীয়াৰ সৈতে প্ৰধানমন্ত্রী ফচল বীমা যোজনা আঁচনিৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আগন্তুক সময়ত জিলাখনৰ সকলো কৃষকেই যাতে এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ লগতে প্ৰয়োজনীয় সময়ত আঁচনিৰ সুফল লাভ কৰিব পাৰে সেই সন্দৰ্ভতো সভাত বিতংভাৱে আলোচনা কৰা হয়। সভাত জিলা কৃষি বিষয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, সহকাৰী কৃষি পৰিদর্শক, জিলা ঔদ্যোগিক আৰু বাণিজ্যকেন্দ্ৰৰ সহকাৰী প্ৰবন্ধককে ধৰি সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। ইপিনে, গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহিৰ ঠাকুৰসুঁতি গাঁৱত আজি জিলা কৃষি বিষয়া নাচেৰ ইকবাল ৰেজাই জৈৱিক মূল্য শৃংখল অভিযান আঁচনিৰ অধীনৰ মাজুলী এগ্র’ অৰগেনিক কৃষক উৎপাদক কোম্পানীৰ ধানকলৰ স্থায়ী গৃহৰ আধাৰশিলা স্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক