আজি লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমে নির্বাচনী সমীক্ষা প্রকাশ কৰিছে। প্ৰাৰম্ভিক তথ্য অনুসৰি টাইমছ নাও নামৰ সংবাদ প্রতিষ্ঠানটোৱে কেবালাৰ কংগ্ৰেছ মিত্রজোটে ১৪ খন, বাওপন্থী মিত্রজোটে ৪খন আৰু বিজেপিয়ে এখন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে। চি এন এন নিউজৰ তথ্য অনুসৰি তামিলনাডুৰ আই এন ডি এ গোটে ৩৬ ৰ পৰা ৩৯ খন আৰু বিজেপি মিত্রজোটে দুখন আসন লাভ কৰিব বুলি তথ্য প্ৰকাশ কৰিছে। বিপাবলিক টিভি আৰু পি এম এ আব কিউৰ মতে এন ডি এ মিত্রজোটে ৩৫৯ আসন লাভ কৰি পুনৰ ক্ষমতা দখল কৰাৰ বিপৰীতে কংগ্ৰেছ মিত্রজোটে ১৫৪ খন আসন লাভ কৰিব। মেটবিজ নামৰ প্রতিষ্ঠানটোৰ সমীক্ষা অনুসৰিও বিজেপি মিত্রজোটে ৩৫৩ ৰ পৰা ৩৬৮ খন আসন লাভ কৰিব আৰু কংগ্ৰেছ মিত্রজোটে ১১৮ ৰ পৰা ১৩৩ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্ণাটকত টাইমছ নাও নৱভাৰতৰ সমীক্ষা অনুসৰি কংগ্ৰেছে ৫ খন, বিজেপিয়ে ২৩ খন আসন লাভ কৰিব।
Site Admin | June 1, 2024 7:50 PM | Election | Exit Poll | Lok Sabha Elections 2024 | Lok Sabha polls | Lok Sabha seats | Political