● আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা কৰিছে। এই তদন্তৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থাত ৰৈ যোৱা ত্রুটি সমূহ বিচাৰ কৰা হ’ব। হোৱাইট হাউছৰ পৰা ভাষণ দি ৰাষ্ট্ৰপতি বাইডেনে কয় যে ড’নাল্ড ট্রাম্পৰ সমাৱেশত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰট’কলৰ স্বতন্ত্ৰ পৰ্যালোচনাৰ নিৰ্দেশ দিয়া হৈছে যাতে এই পৰিঘটনাসমূহ ভালদৰে পৰীক্ষা কৰিব পৰা যায়। তেওঁ কয় যে, এই স্বতন্ত্র পর্যালোচনাৰ তথ্যসমূহ আমেৰিকাৰ জনসাধাৰণৰ বাবে স্বচ্ছ ৰূপত আগবঢ়াই দিয়া হ’ব।
এই ঘটনাৰ পিছত আমেৰিকাই হিংসাক প্রত্যাখ্যান কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি ৰাষ্ট্ৰপতি বাইডেনে কয় যে আক্ৰমণকাৰীৰ উদ্দেশ্যক লৈ আমেৰিকাৰ জনতাই এতিয়া আলোচনা কৰি থকাটো উচিত নহয়। তেওঁ আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনক কোনো বাধা নোহোৱাকৈ তদন্ত চলাবলৈ অনুমতি দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷