প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ

◊প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে কালি ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে ২০১৯ চনত তেওঁ ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। বিশিষ্ট অর্থনীতিবিদ ড০ মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। উল্লেখযোগ্য যে সিঙকে ধৰি ৰাজ্যসভাৰ মুঠ ৫৪ জন সাংসদৰ কাৰ্যকাল অন্ত পৰিছে। ইয়াৰ ভিতৰত আছে শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান, স্বাস্থ্যমন্ত্রী মনসুখ মন্দাভিয়া, পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালা আদি।

Read More News : 

উত্তৰ-পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা, বৰষুণ হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

অধিক পঢ়ক

সকলো চাওক