ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে নিৰ্ধাৰণ কৰা অনুসৰি আজি ই ভি এমসমূহ বিতৰণ পূৰ্বে পৰীক্ষা কৰা হয়। এই প্ৰক্ৰিয়াৰ পিছতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিকেইটাৰ ভোটগ্রহণ কেন্দ্ৰসমূহত ই ভি এম, ভি ভি পেট আদি সামগ্ৰীসমূহ বিতৰণ কৰা হ’ব। উল্লেখযোগ্য যে, অসমত তিনিটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ৫ খন আসনৰ বাবে যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, কাজিৰঙা আৰু লখিমপুৰ সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব।
Site Admin | April 1, 2024 6:44 PM | ECI | Election 2024 | Lok Sabha Election
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ই ভি এমসমূহ বিতৰণ পূৰ্বে আজি পৰীক্ষা কৰা হয়
