ইলেকট্রনিক ভোটিং মেচিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ বুলি নিৰ্বাচন আয়োগৰ পুনৰবাৰ স্পষ্ট

♦ দেশৰ ভোটদান প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা ইলেকট্রনিক ভোটিং মেচিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ বুলি নিৰ্বাচন আয়োগে পুনৰবাৰ স্পষ্ট কৰি দিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োগৰ তৰফৰ পৰা ইলেকট্রনিক ভোটিং মেচিন আৰু ভোটাৰ ভেৰিফাইড পেপাৰ অডিটট্রেইল চমুকৈ ভিভিপেট আদিক লৈ থকা সাধাৰণ ভোটাৰৰ বিভিন্ন প্রশ্নৰ উত্তৰ ব্যাখ্যা কৰা হৈছে। নিৰ্বাচন আয়োগে এই বুলি স্পষ্ট কৰি দিছে যে ভোটদানৰ বাবে ই ভি এমৰ ব্যৱহাৰ সম্পূৰ্ণ সুৰক্ষিত। ই ভি এম সমূহ সদায় আৰক্ষীৰ তত্ত্বাৱধানত সুৰক্ষিতভাৱে পৰিবহণ কৰা হয় আৰু ইয়াক হেক কৰিব নোৱাৰি। তদুপৰি ই ভি এমত ভোটদান এবাৰতকৈ অধিক কৰিব নোৱাৰি আৰু এজন ভোটাৰ এটা ভোট নীতি নিশ্চিত কৰিবলৈ ই ভি এমে অধিক বুটাম টিপিলে কোনো সঁহাৰি নিদিয়ে। আয়োগৰ মতে ই ভি এমৰ ব্যৱহাৰ আইনীৰূপে সমর্থিত হোৱাৰ লগতে ভি ভি পেটৰ হেকিঙক লৈ ভোটাৰসকল উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই। এনে ভুৱা দাবীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই বুলি আয়োগে স্পষ্টকৈ উল্লেখ কৰিছে। ইফালে, ই ভি এম আৰু ভি ভি পেটৰ সুৰক্ষাৰ দিশটোক লৈ ভোটাৰসকলক নিশ্চিন্ত হৈ থাকিবলৈ আহ্বান জনাই ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আকাশবাণীৰ আগত প্ৰকাশ কৰে৷

অধিক পঢ়ক

সকলো চাওক