ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত পুৱাৰেপৰা বিভিন্ন ভোটকেন্দ্ৰত ই ভি এম বিকল হৈ ভোটগ্রহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি

♦ ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আজি পুৱাৰেপৰা বিভিন্ন ভোটকেন্দ্ৰত ই ভি এম বিকল হৈ ভোটগ্রহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়। গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰ হাইস্কুলৰ ১৩১ নম্বৰ ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ ফলত পুৱা ৮.৩০ বজা পর্যন্ত ভোটদান প্ৰক্ৰিয়া আৰম্ভ নোহোৱাকৈ থাকে।

Read More :

ধুবুৰীৰ ১৩৬ নম্বৰ মাত্ৰাঘোলা ভোটকেন্দ্ৰ, বঙাইগাঁৱৰ ১৩৪ নম্বৰ ধলাগাঁও ভোটকেন্দ্ৰ, বজালীৰ ২১৮ নম্বৰ চেকি এল পি স্কুল ভোটকেন্দ্ৰ, হাজোৰ ১৭ নম্বৰ এ এছ এছ ছোৱালী হাইস্কুল ভোটকেন্দ্ৰ, বংশৰৰ জটি দাস হাইস্কুল ভোটকেন্দ্ৰ আদিতো ই ভি এম বিকল হোৱাত ভোটদান প্রক্রিয়া সাময়িকভাৱে ব্যাহত হয়। গুৱাহাটী লোকসভা সমষ্টিৰ ছমৰীয়াৰ এটা ভোটকেন্দ্রতো ই ভি এম বিকল হোৱাৰ বাতৰি পোৱা গৈছে। একেদৰে নলবাৰীৰ বৰআগ্রা, পশ্চিম সুৰাদি প্রাথমিক বিদ্যালয় ভোটকেন্দ্রতো ই ভি এম বিকল হয়। গোসাইগাঁৱৰ এটা ভোটকেন্দ্ৰত বৰষুণৰ বাবে বিদ্যুৎ যোগান ব্যাহত হৈ থকাত ভোটদাতাই মমৰ পোহৰতে ভোটদান কৰে।

অধিক পঢ়ক

সকলো চাওক