দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ৰ ৰচনা প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্রতিযোগিতাসমূহ তিনিটা ভাগত বিভক্ত কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ভাগ কৰা ক-শাখাৰ প্ৰতিযোগীসকলে ৮০০টা শব্দৰ ভিতৰত তৰুণৰাম ফুকন-জীৱন আৰু কৃতিত্ব বিষয়ৰ ওপৰত ৰচনা লিখাৰ পৰিৱৰ্তে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰতিযোগীসকলে এহেজাৰটা শব্দৰ ভিতৰত ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা শীৰ্ষক ৰচনা লিখিব লাগিব। ইয়াৰ উপৰি গ-শাখাৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে এহেজাৰ ২০০টা শব্দৰ ভিতৰত অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান শিৰোনামেৰে ৰচনা লিখিব লাগিব। প্রতিযোগীসকলে এই ৰচনাসমূহ অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আৰু বড়ো ভাষাৰ মাধ্যমত লিখিব পাৰিব। আনহাতে বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে লিখা শ্ৰেষ্ঠ ৰচনাসমূহ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত অহা ৩০ জুনৰ ভিতৰত জমা দিব লাগিব। ছাত্র-ছাত্রীসকলে ব্যক্তিগতভাৱে জমা দিয়া ৰচনাসমূহ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা নহ’ব। প্রতিযোগিতাৰ বিজয়ীসকলক অহা ২৮ জুলাইত গুৱাহাটীত কেন্দ্রীয়ভাৱে আয়োজন কৰা দেশভক্তি দিৱসত সম্বর্ধনা জনোৱাৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব ।
Site Admin | June 27, 2024 11:34 AM | essay competition tarunram phukan