ডাউনলোড
মোবাইল এপ

android apple
signal

July 28, 2024 11:20 AM | eshram portal

printer

eshram.gov.in প’ৰ্টেলত প্ৰ-পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ৩ আগষ্ট

ৰাজ্য চৰকাৰে ২০২১ চনৰ আগষ্টৰ পৰা ২০২৩ চনৰ আগষ্টলৈ eshram.gov.in প’ৰ্টেলত পঞ্জীয়নভুক্ত ৰাজ্যৰ প্ৰব্ৰজিত শ্রমিকসকললৈ বিশেষ সুবিধা আগবঢ়াইছে। প্রব্রজিত শ্রমিকসকলে নতুন ৰেচন কার্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে নির্দিষ্ট প্ৰ-পত্র সম্পূর্ণ তথ্যসহ পূৰণ কৰি জমা দিব লাগিব। এই ক্ষেত্ৰত আৱেদনকাৰীৰ বাৰ্ষিক আয় ৪ লাখ টকাতকৈ কম হ’ব লাগিব। প্ৰ-পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ৩ আগষ্ট। এই প্ৰ-পত্রসমূহ সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব।

অধিক পঢ়ক

সকলো চাওক