কৰ্মচাৰীৰ ভৱিষ্যনিধি সংস্থা ই পি এফ অ’ই চলিত বৰ্ষৰ আগষ্ট মাহত ১৮ লাখ ৫৩ হাজাৰ মুঠ সদস্য পঞ্জীয়ন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই মাহটোত ৯ লাখ ৩০ হাজাৰ নতুন সদস্যই নিজৰ নাম পঞ্জীয়ন কৰে। নতুন সদস্যসকলৰ ভিতৰত ২ লাখ ৫৩ হাজাৰ মহিলা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বৰ্ধিত নিয়োগৰ সুবিধা, কৰ্মচাৰী লাভালাভৰ বিষয়ে বর্ধিত সজাগতা তথা ই পি এফৰ সফল জনসম্পৰ্কৰক্ষী কাৰ্যসূচীসমূহৰ জৰিয়তে বিপুল সংখ্যক নতুন সদস্য-সদস্যাই নাম পঞ্জীয়ন কৰা বুলি মন্ত্ৰালয়ে মত প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত বৰ্ষৰ একেটা মাহৰ তুলনাত বাৰ্ষিক ভিত্তিত এই বৃদ্ধি ৯ শতাংশতকৈ অধিক ।
Site Admin | October 21, 2024 11:37 AM | EPFO