ডাউনলোড
মোবাইল এপ

android apple
signal

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টি সন্দৰ্ভত সভা

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ আলোচনাৰ বাবে এখন সভা অনুষ্ঠিত হয়। সভাত জিলা প্রশাসন, তথ্য আৰু জনসংযোগ, জলসিঞ্চন, নগৰ উন্নয়ন, কৃষি, মীন বিভাগ আদিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। এই সন্দৰ্ভত পশুপালন বিভাগৰ দ্বাৰা গাহৰি পালকসকলৰ মাজত জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা, বৈজ্ঞানীকভাৱে গাহৰি পালন কৰা, গাহৰিৰ অস্বাভাৱিক জ্বৰ তথা অন্যান্য লক্ষণসমূহ দেখা দিলে বিভাগীয় কর্তৃপক্ষক জনাবলৈ আহ্বান জনোৱা হয়। সভাত বন সংৰক্ষণ আৰু শিক্ষা বিভাগক ছাত্রী-ছাত্ৰীসকলৰ মাজত এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। জিলা আয়ুক্ত ডা০ পি উদয় প্রবীন আৰু অতিৰিক্ত জিলা আয়ুক্ত নন্দিতা বৰুৱাকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থকা সভাত নগৰ সমিতিসমূহক প্ৰদূষিত পানীৰ নিষ্কাশন আৰু বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হয়।

অধিক পঢ়ক

সকলো চাওক