যোৱা ১০ বছৰত দেশত ৩৬ শতাংশ উল্লেখযোগ্য কর্মসংস্থান বৃদ্ধি হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ ১৭ কোটিতকৈও অধিক অতিৰিক্ত কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে। বিগত বৰ্ষত প্ৰায় ৪ কোটি ৬০ লাখ সংস্থাপন সৃষ্টি হৈছিল বুলি মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে। মন্ত্ৰ্যালয়ে কোৱা অনুসৰি ২০১৪ চনৰ পৰা ২০২৪ চনৰ সময়ছোৱাত ৩৬ শতাংশ কর্মসংস্থাপন বৃদ্ধি পাইছে। ২০০৪ৰ পৰা ২০১৪ চনৰ সময়ছোৱাতকৈ এই বৃদ্ধিৰ হাৰ ৭ শতাংশ বেছি। ইউ পি এ চৰকাৰৰ দিনত ২০০৪ৰ পৰা ২০১৪ চনৰ ভিতৰত দুই কোটি ৯০ লাখ অতিৰিক্ত কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত কৃষি খণ্ডত ১৯ শতাংশ কর্মসংস্থাপনৰ বৃদ্ধি পৰিলক্ষিত হৈছে। সেইদৰে নিৰ্মাণখণ্ডত ১৫ শতাংশ, সেৱা খণ্ডত ৩৬ শতাংশ কর্মসংস্থাপন বৃদ্ধি হৈছে। মন্ত্ৰ্যালয়ে জনোৱা মতে ২০১৭-১৮ চনৰ ৬ শতাংশৰ তুলনাত ২০২৩-২৪ বৰ্ষৰ সময়ছোৱাত নিবনুৱাৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস পাইছে।