শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বঃ মুখ্য নির্বাচনী বিষয়া ড° বি ডি আৰ তিৱাৰী

◊ মেঘালয়ৰ মুখ্য নির্বাচনী বিষয়া ড° বি ডি আৰ তিৱাৰীয়ে কৈছে যে, ৰাজ্যখনৰ দুখন লোকসভা আসনৰ বাবে মুঠ ২২ লাখ ২৬ হাজাৰ ৫৬৭ গৰাকী ভোটদাতাই দুগৰাকী প্রার্থী নির্বাচন কৰিব। ৰাজ্যখনৰ শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’ব।

Read More News : 

শ্বিলঙত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিষয়াগৰাকীয়ে কয় যে, মুক্ত, নিকা আৰু শান্তিপূর্ণ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যখনত অৰ্ধসামৰিক বাহিনীৰ ৪০টা কোম্পানী মোতায়েন কৰা হ’ব। ড° তিৱাৰীয়ে লগতে কয় যে, ইতিমধ্যে ৰাজ্যখনত নির্বাচনী আচৰণ বিধি ভংগৰ দুটা গোচৰ ৰুজু কৰা হৈছিল আৰু এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে প্ৰতিটো লোকসভা সমষ্টিত ভিডিঅ’গ্ৰাফী আৰু ফ্লায়িং স্কোৱাডকে ধৰি মুঠ ৯টাকৈ দল নিয়োগ কৰা হৈছে। তেওঁ লগতে নির্বাচন বিষয়ক তথ্যসমূহ জনসাধাৰণক অৱগত কৰোৱাৰ অৰ্থে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। বিষয়াগৰাকীয়ে নিৰ্বাচনৰ বাবে ইলেকট্রনিক ভোটিং মেচিনৰ নতুন মডেল ব্যৱহাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক