ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ লগতে আজি ১৩খন ৰাজ্যৰ দুটা লোকসভা সমষ্টি আৰু ৪৬টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ ভোটগণনা অনুষ্ঠিত হয়। কেৰালাৰ ৱায়ানাড় লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ৱাড্ৰাই তেওঁৰ নিকটতম চি পি আইৰ প্ৰাৰ্থী সত্যম ম’কাৰীক ৪ লাখতকৈ অধিক ভোটত পৰাজিত কৰিছে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে দুটাকৈ সমষ্টিত বিজয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত এই আসনখন এৰি দিয়াৰ বাবে সমষ্টিটোত পুনৰ ভোটগ্ৰহণ কৰা হৈছিল। মহাৰাষ্ট্ৰৰ নান্দেড় লোকসভা সমষ্টিত বিজেপি প্রার্থী ড° চান্তুকৰাও মেৰটৰাও হাম্বার্ডে তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ছাৱন ৰবীন্দ্ৰ বসন্তৰাৱতকৈ ৩ লাখতকৈও অধিক ভোটত আগবাঢ়ি আছে আৰু তেওঁৰ বিজয় নিশ্চিত হৈছে।
ৰাজস্থানৰ ৭ খন আসনৰ ভিতৰত বিজেপিয়ে ৫ খন আসন লাভ কৰিছে। কংগ্ৰেছ আৰু ভাৰত আদিবাসী পাৰ্টীয়ে একোখনকৈ আসনত জয়ী হৈছে। বিহাৰতো শাসনাধিষ্ঠিত এন ডি এ মিত্রজোঁট চাৰিখন বিধানসভা আসনৰ আটাইকেইখনত জয়ী হৈছে। পাঞ্জাৱৰ চাৰিখন আসনৰ ভিতৰত শাসকীয় আম আদমি পার্টীয়ে তিনিখন আসন লাভ কৰিছে আৰু কংগ্ৰেছ এখনত জয়ী হৈছে। কৰ্ণাটকত শাসকীয় কংগ্ৰেছ দলে উপ-নির্বাচন তিনিখন আসনৰ তিনিওখনতে জয়ী হৈছে। ছট্টিশগড়ৰ ৰায়পুৰ চহৰ দক্ষিণ বিধানসভা সমষ্টিত বিজেপিয়ে জয়লাভ কৰিছে। ইপিনে, মেঘালয়ৰ গাম্বেগ্ৰে আসনত শাসকীয় এন পি পি জয়ী হৈছে। বিজেপিয়ে উত্তৰাখণ্ডৰ কেদাৰনাথ আৰু গুজৰাটৰ ভাৱ বিধানসভা আসন দুখনো দখল কৰিছে। কেৰালাত চি পি আই এম আৰু কংগ্ৰেছে এখনকৈ আসন লাভ কৰিছে। উত্তৰ প্ৰদেশৰ ৯ খন আসনৰ ভিতৰত শাসকীয় বিজেপিয়ে চাৰিখন লাভ কৰিছে আৰু দুখনত আগবাঢ়ি আছে। বিজেপিৰ মিত্ৰদল আৰ এল দিয়ে এখন আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টী দুখন আসনত জয়ী হৈছে। মধ্য প্ৰদেশৰ দুখন আসনৰ ভিতৰত কংগ্ৰেছে বিজয়পুৰত জয়লাভ কৰিছে আৰু বিজেপি বুধনি আসনত আগবাঢ়ি আছে। ছিকিমৰ দুয়োখন আসনত এছ এম কেৰ প্ৰাৰ্থী ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছে।