ডাউনলোড
মোবাইল এপ

android apple
signal

৫ টা সমষ্টিত হ’বলগীয়া প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি প্রায় সম্পূৰ্ণ

প্রথম পৰ্যায়ত অহা ১৯ এপ্ৰিলত অৰ্থাৎ‍ পৰহিলৈ ৰাজ্যৰ ৫ টা সমষ্টিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। এই পৰ্যায়ত ৰাজ্যখনৰ ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নির্বাচন বিভাগসমূহে ভোটগ্রহণ প্ৰক্ৰিয়া নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। ভোটগ্রহণ কেন্দ্ৰসমূহত পর্যাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ ব্যৱস্থাসমূহ ৰখাৰ দিহা কৰা হৈছে। বিশেষকৈ দিব্যাংগ ভোটদাতাৰ বাবে ৰেম্প, প্রসূতি মাতৃসকলৰ বাবে শিশুক দুগ্ধপান কক্ষৰ ব্যৱস্থা, খোৱাপানী, শৌচাগাৰ, বিদ্যুৎ যোগানকে ধৰি সকলো ব্যৱস্থা লোৱা হৈছে। কাইলৈ প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে নিয়োজিত বিষয়া-কৰ্মীসকল নিজ নিজ কেন্দ্ৰলৈ ই ভি এম সহ ৰাওনা হ’ব। অসম আৰক্ষীৰ সূত্ৰই জনোৱা মতে জটিল ভোটকেন্দ্ৰসমূহত অৰ্ধ-সামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অর্পণ কৰা হ’ব আৰু কমেও ৫০ শতাংশ ভোটকেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হ’ব। প্রথম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া ১৪ খন জিলাত নিৰাপত্তা বাহিনীৰ ১০৬ টা কোম্পানী ইতিমধ্যে নিয়োগ কৰা হৈছে। ইপিনে, নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ ছীল কৰি দিয়া হৈছে। এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কূটাঘাতমূলক কার্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে। উল্লেখযোগ্য যে প্রথম পৰ্যায়ত দেশৰ ১৭খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। প্ৰথম পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত আছে তামিলনাডুৰ ৩৯টা, ৰাজস্থানৰ ১২টা, উত্তৰপ্ৰদেশৰ ৮টা, মধ্যপ্ৰদেশৰ ৬টা, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ ৫টাকৈ, বিহাৰৰ ৪টা, পশ্চিমবংগৰ ৩টা, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুটাকৈ আৰু মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ছট্টিশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ এটাকৈ সমষ্টি।

 

অধিক পঢ়ক

সকলো চাওক