ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা চলি আছে। গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ১৯টা পৰিষদীয় সমষ্টিৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত জিলা আয়ুক্ত কাৰ্যালয়ত চলি আছে।
এই বাতৰি যুগুতোৱাৰ পৰলৈ বকো সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা, জোঙাখুলি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অর্জুন ছেত্রী, বামুনীগাঁও সমষ্টিত বিজেপি প্রার্থী অজিৎ ৰাভা, বন্দাপাৰা সমষ্টিত বিজেপি প্রার্থী মেঘালি ৰাভা, লুকি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে মাৰাক, উত্তৰ বনগাঁৱত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভা, জাৰিহাট সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভা, পাণ্টানত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভা, গোৱৰ্ধনত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভা, ৰাণী সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়ো, শিলপোটাত বিজেপি প্রার্থী কমলেশ্বৰ ৰাভা, দক্ষিণ বনগাঁও সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী মিনতি ৰাভা, চানডুবিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভা আৰু কুলচি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰশ্মি মালা ৰাভাই অগ্ৰগতি লাভ কৰিছে বুলি আমাৰ কামৰূপৰ সংবাদদাতাই জানিবলৈ দিছে।
আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে ধুপধৰা সমষ্টিত ৰাভা হাচং যৌথ সংগ্রাম সমিতিৰ প্ৰাৰ্থী অনাদি চৰকাৰ, কোঠাকুঠি সমষ্টিত বিজেপি প্রার্থী ভৈৰৱ কছাৰী, কুশধোৱা-দৰংগিৰি সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰমা ৰাভা আৰু উত্তৰ দুধনৈ সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী উজ্বলা ব্ৰহ্ম আগবাঢ়ি আছে।
উল্লেখযোগ্য যে, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলাত ২০টা সমষ্টি আছিল যদিও ইয়াৰে এটা সমষ্টিৰ প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত ১৯টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে।