৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৫২১ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৬৮০খন মনোনয়ন পত্র দাখিল কৰা হৈছে । নির্বাচন আয়োগে জনোৱা অনুসৰি নতুন দিল্লী বিধানসভা সমষ্টিৰ আসনখনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীয়ে সৰ্বমুঠ ৪০খন মনোনয়ন পত্র দাখিল কৰিছে। উল্লেখযোগ্য যে এই সমষ্টিটোটেই সর্বাধিক মনোনয়ন পত্র দাখিল কৰা হৈছে। নতুন দিল্লী বিধানসভা সমষ্টিৰ এই আসনখনৰ পৰাই আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে বিজেপিৰ পাৰভেশ বাৰ্মা আৰু কংগ্ৰেছৰ চণ্ডিপ দিক্ষীতৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘ব। আয়োগে লগতে কয় যে মুখ্যমন্ত্রী আতীশীয়ে কালকাজি আসনখনৰ বাবে বিজেপিৰ ৰমেশ বিধুৰী আৰু কংগ্ৰেছৰ আলকা লাম্বাৰ বিৰুদ্ধে প্রতিদন্দ্বীতা কৰিব। এই আসনখনৰ বাবে ১৮ গৰাকী প্ৰাৰ্থীয়ে মুঠ ২৮খন মনোনয়ন পত্র দাখিল কৰিছে। আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হৈছে আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২০ জানুৱাৰী ধাৰ্য কৰা হৈছে।
Site Admin | January 18, 2025 6:48 PM | Delhi Election