October 24, 2024 1:14 PM | Election update

printer

পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। কালি চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টি প্রক্ষেপিত প্রার্থী দিগন্ত ঘাটোৱাৰে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত কালি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্ত্রী পীযূষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে সাংসদ ৰঞ্জিত দত্ত আৰু বহুকেইজন বিধায়ক উপস্থিত থাকে। ইফালে, বিহালী বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী প্রদানক লৈ হোৱা মতানৈক্যৰ বাবে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই অসম সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছে মাজনিশা বিহালী সমষ্টিৰ বাবে জয়ন্ত বৰাক প্রার্থিত্ব প্ৰদান কৰে । ইফালে, ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নিহাৰৰঞ্জন দাসে আজি আৰু চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিপুৰঞ্জন শৰ্মাই কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। কংগ্ৰেছে চিদলী বিধানসভা সমষ্টিৰ কাৰণে প্ৰক্ষেপ কৰা প্ৰাৰ্থী সঞ্জীৱ ওৱাৰিয়ে কালি মনোনয়ন পত্র দাখিল কৰে।

সমাগত উপ-নির্বাচনৰ বাবে আন সমষ্টিকেইটাৰ দৰে ৩১ নম্বৰ চিডলী বিধানসভা সমষ্টিতো তৎপৰতা বৃদ্ধি পাইছে। সমষ্টিটোত আজি এন ডি এ সমর্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই মনোনয়ন দাখিল কৰিব। সমষ্টিটোৰ কংগ্ৰেছ প্রার্থী সঞ্জীৱ ওৱাৰীয়ে কালি মনোনয়ন পত্ৰ দাখিল কৰিছিল।

অধিক পঢ়ক

সকলো চাওক