মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগ্ৰহণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মহাৰাষ্ট্ৰৰ ২৮৮টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। ইয়াৰ লগতে নাণ্ডেড় লোকসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব। পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবেও কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। মহাৰাষ্ট্ৰত মুঠ ৪ হাজাৰ ১৩৬ গৰাকী প্ৰতিদ্বন্দ্বী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ২ হাজাৰ ৮৬ গৰাকী নিৰ্দলীয় প্রার্থী আছে। বিজেপিয়ে ১৪৯টা সমষ্টিত, একনাথ সিন্দে পন্থী শিৱসেনাই ৮১টা সমষ্টিত আৰু অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে ৫৯টা সমষ্টিত প্রার্থী দিছে। আনহাতে কংগ্ৰেছে ১০১টা সমষ্টিত, উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই ৯৫টা সমষ্টিত আৰু শাৰদ পাৱাৰ নেতৃত্বাধীন শিৱসেনাই ৮৬টা সমষ্টিত প্রার্থী ঠিয় কৰাইছে। বহুজন সমাজ পাৰ্টিৰ ২৩৭ গৰাকী আৰু এ আই এম আই এমৰ ১৭ জন প্রার্থীও ভাগ্য কাইলৈৰ ভোটগ্ৰহণত নিশ্চিত হ’ব। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত কাইলৈ ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত উন্নত হ’ব নে নাই সেই বিষয়ে ৰাজনৈতিক মহলত চিন্তা-চৰ্চা চলিছে।
Site Admin | November 19, 2024 6:35 PM | Election update