কাইলৈ কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিকে ধৰি আন ১০ খন ৰাজ্যৰ ২৮ টা বিধানসভা সমষ্টিৰ বাবেও উপ-নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ‘ব। কাইলৈ ৰাজস্থানৰ ৭টা, পশ্চিমবংগৰ ৬টা, বিহাৰৰ ৪টা, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ আৰু কেৰালা, ছট্টিশগড়, গুজৰাট আৰু মেঘালয়ৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ‘ব । উত্তৰ প্ৰদেশ, পঞ্জাৱ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অহা ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ‘ব। এই সমষ্টিকেইটাৰ উপৰিও মহাৰাষ্ট্ৰ নান্দেড় সংসদীয় সমষ্টিৰ বাবেও সেইদিনা ভোটগ্ৰহণ কৰা হ‘ব । ঝাৰখণ্ডতো কাইলৈ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৪৩ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ‘ব। প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ ১৫ হাজাৰ ৩৪৪ টা কেন্দ্ৰত সুকলমে আৰু শান্তিপূর্ণভাৱে ভোটগ্রহণ সম্পন্ন কৰাৰ বাবে সুৰক্ষা বাহিনীৰ ২০০ টাৰো অধিক কোম্পানী নিয়োজিত কৰা হৈছে। প্ৰথম পৰ্যায়ত ৭৩ গৰাকী মহিলাসহ মুঠ ৬৮৩ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ গৃহমন্ত্রী অমিত শ্বাহ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ইপিনে, অহা ২০ নৱেম্বৰত হ‘বলগীয়া মহাৰাষ্ট্ৰ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এন চি পিৰ শাৰদ পাৱাৰ আদিকে ধৰি বিভিন্ন দলৰ জ্যেষ্ঠ নেতাসকলে আজি ৰাজ্যখনৰ ভিন ভিন ঠাইত নির্বাচনী প্ৰচাৰ সভাত অংশ লৈছে। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাকে ধৰি উপ-নির্বাচন অনুষ্ঠিত হোৱা ১১ খন ৰাজ্যৰ আটাইবোৰ সমষ্টিত অহা ২৩ নৱেম্বৰত ভোটগণনা কৰা হ‘ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ‘ব।
Site Admin | November 12, 2024 7:25 PM | Election update