ডাউনলোড
মোবাইল এপ

android apple
signal

November 5, 2024 8:39 PM | Jharkhand

printer

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। এন ডি এ আৰু আই এন ডি আই উভয় মিত্ৰজোটৰ নেতাসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লোহাৰদাগাত এখন নির্বাচনী সভাত ভাষণ দি কয় যে, বিজেপি শাসনকালত ঝাৰখণ্ড ৰাজ্য গঠন কৰা হৈছিল আৰু ঝাৰখণ্ডক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাই এই সিদ্ধান্তৰ মূল উদ্দেশ্য আছিল। ইপিনে, হাজাৰীবাগৰ মান্দুত এখন নির্বাচনী সভাত ভাষণ দি কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে বিজেপিয়ে জাতি-ধৰ্মৰ নামত সমাজত বিভাজন সৃষ্টি কৰা বুলি অভিযোগ তোলে। ঝাৰখণ্ড মুক্তিমৰ্চাৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী হেমন্ত চোৰেণে দলীয় প্ৰাৰ্থীসকলৰ হকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কেইবাখনো নির্বাচনী সভাত অংশ লয়। আৰ জে দি, এ জে এছ ইউ আৰু বাওঁদলৰ নেতাসকলেও ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে আজি নির্বাচনী সভাত ভাষণ দিয়ে।

অধিক পঢ়ক

সকলো চাওক