অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপুৰঞ্জন শৰ্মাৰ হৈ মন্ত্ৰী বিমল বৰাই প্ৰচাৰ চলায়। প্ৰচাৰ সভাত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ স্বাৰ্থ আগত ৰাখি ভোটদান কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। ইফালে, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত বিজেপি, অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ কার্যকৰ্তা সন্মিলন উদ্বোধন কৰি সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সকলোকে আহ্বান জনায়। বঙাইগাঁৱৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই আজি দলটোৰ বঙাইগাঁও কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। তেওঁ সমষ্টিটোৰ সকলো জনগোষ্ঠীৰ সমস্যাৰ সমাধান, জলসিঞ্চন, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, নিবনুৱা সমস্যা সমাধানকে ধৰি কেইবাটাও উন্নয়নমূলক লক্ষ্যৰে তেওঁক জয়ী কৰিবলৈ সমষ্টিবাসীৰ প্ৰতি আহ্বান জনায়। ইপিনে, উপ-নির্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়। কালি মনোনয়ন পত্ৰ পৰীক্ষা কৰা অনুসৰি ধলাই সমষ্টিত ৯-গৰাকী, ছিদলী সমষ্টিত ৩গৰাকী, বঙাইগাঁও সমষ্টিত ৮গৰাকী, বিহালী সমষ্টিত ৪গৰাকী প্ৰাৰ্থীৰ ভিতৰত আটাইকেইগৰাকী প্ৰাৰ্থীৰেই মনোনয়ন গৃহীত হয়। ধলাই সমষ্টিত নির্দলীয় প্রার্থী অমিয় কান্তি দাসে মনোনয়ন পত্র প্রত্যাহাৰ কৰে। চামগুৰি সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা ১১গৰাকী প্ৰাৰ্থীৰ মনোনয়ন আজি বৈধ পোৱাৰ লগতে তিনিগৰাকীৰ মনোনয়ন নাকচ হৈছে। উপ-নির্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ অহা ৩০ অক্টোবৰ ধাৰ্য কৰা হৈছে।
Site Admin | October 29, 2024 7:38 PM | Election update