ডাউনলোড
মোবাইল এপ

android apple
signal

October 25, 2024 7:33 PM | Election update

printer

ৰাজ্যৰ উপ-নির্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া আসন্ন উপ-নির্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা ২৪ গৰাকী প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰে। উপ-নিৰ্বাচনৰ বাবে আটাইকেইটা ৰাজনৈতিক দল তথা নির্দলীয় প্রার্থীকে ধৰি মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। আজি বিহালী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্রার্থী জয়ন্ত বৰাই মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীৰ্গৰাকীক কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ শীৰ্ষ নেতৃত্বৰ লগতে সাংসদ গৌৰৱ গগৈ উপস্থিত থাকে। আনহাতে ছিদলী বিধানসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে আজি বি পি এফ প্রধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত মনোনয়ন-পত্র দাখিল কৰে। বঙাইগাঁৱৰ অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়েও বহু সমৰ্থকৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁৰ লগত দলৰ সভাপতি অতুল বৰাকে ধৰি বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সাংসদ ফণী ভূষণ চৌধুৰী, ইউ পি পি এল দলৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্য সভাৰ সাংসদস ৰণগৌড়া নাৰ্জাৰীকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। সমষ্টিটোৰ কংগ্ৰেছৰ প্রার্থী ব্রজেন জিৎ সিংহয়ো আজি মনোনয়ন পত্র দাখিল কৰে। সিংহই মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাদ্বয় ভূপেন বৰা আৰু মীৰা বৰঠাকুৰ উপস্থিত থাকে। ইপিনে, আম আদমী পাৰ্টীৰ প্ৰাৰ্থী অনন্ত গগৈয়ে বিহালীত আৰু নুৰুল আমীন চৌধুৰীয়ে চামগুৰিত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলপৰ্বত নুৰুল আমীন চৌধুৰীৰ লগত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ দলীয় নেতা উপস্থিত থাকে। অনন্ত গগৈৰ সৈতেও দলৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শর্মাকে ধৰি ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো নেতা উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক