৪ জুনত হ’বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছেঃ অনুৰাগ গোৱেল

File Photo Akashvani GHY

ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাত স্থাপিত ৫২ টা ভোটগণনা কেন্দ্ৰত অহা ৪ জুনত হ’বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা ৮ বজাত আৰম্ভ হ’বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫ হাজাৰ ৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ৬৪ গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

Read Now : 

শ্রী গোৱেলে লগতে কয় যে মুঠ ৫২ টা ভোটগ্রহণ কেন্দ্ৰত ১,৯৪১ খন ভোটগণনাৰ মেজৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, আজিৰ দিনটোলৈ ৰাজ্যৰ ১৪ গৰাকী ৰিটার্নিং বিষয়াই ১ লাখ ২৮ হাজাৰ ২৯৯ খন ডাক-বেলট লাভ কৰিছে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক সংখ্যক ডাক বেলট লাভ কৰা হৈছে।
ইপিনে, ভোটগণনাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ হোৱা দুধনৈ আৰু গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি দুটা গুৱাহাটী লোকসভা সমষ্টিত অন্তর্ভুক্ত হোৱাৰ বিপৰীতে গোৱালপাৰা পূৱ আৰু জলেশ্বৰ বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। সেয়ে দুয়োটা লোকসভা সমষ্টিৰ বিপৰীতে জিলাখনত থকা ৪ টা বিধানসভা সমষ্টিৰ ভোটগণনা গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত হোৱা বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক