ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনৰ প্ৰচেষ্টা অব্যাহত

বিভিন্ন জিলা প্রশাসনে ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনাৰ ৰোধ কৰিবলৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন জিলাত নিৰ্বাচনত নিয়োজিত হ’বলগীয়া বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ, নির্বাচনী ব্যয় পর্যৱেক্ষণ, ভোটাৰ সজাগতা কাৰ্যসূচী আদি চলি থকাৰ সমান্তৰালকৈ অবৈধ ধনৰ সৰবৰাহ ৰোধ, মাদক দ্রব্য জব্দ কৰা আদি কাৰ্যও কৰি থকা হৈছে।

মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলাখনৰ মহিলা ভোটগ্রহণকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। প্রশিক্ষণত জিলাখনৰ ১২ গৰাকী প্রিজাইডিং আৰু ৩৬ গৰাকী প’লিং বিষয়াসহ সৰ্বমুঠ ৪৮ গৰাকী মহিলা ভোটগ্রহণকাৰী বিষয়াক জিলা পৰ্যায়ৰ প্ৰশিক্ষকসকলে প্ৰশিক্ষণ প্ৰদান কৰে।

যোৰহাট আৱৰ্ত ভৱনত যোৰহাট লোকসভা সমষ্টিৰ বাবে নিয়োজিত ব্যয় পর্যৱেক্ষক অশোক কুমাৰ সুঠাৰে যোৰহাট লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয় পুনৰীক্ষণ কৰে। অহা ১৩ আৰু ১৭ এপ্ৰিলত পুনৰ এই পুনৰীক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। বৈঠকত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, সহকাৰী আয়ুক্ত, নির্বাচনী প্ৰাৰ্থীসকলৰ এজেণ্ট, যোৰহাট লোকসভা সমষ্টিৰ ১০টা বিধানসভা সমষ্টিৰ সহকাৰী ব্যয় পর্যৱেক্ষক আৰু সহকাৰী গাণনিক বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক