ৰাজ্যৰ ১৪টা সমষ্টিত কাইলৈ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয়

ৰাজ্যৰ ১৪টা সমষ্টিত কাইলৈ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত কাজিৰঙা সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ হৈ ৰ’জলিনা তিৰ্কী, বিজেপিৰ হৈ কামাখ্যা প্ৰসাদ তাছাই প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। যোৰহাট সমষ্টিত বিজেপিৰ হৈ তপন কুমাৰ গগৈ, কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ডিব্ৰুগড় সমষ্টিত সর্বানন্দ সোণোৱাল, লুৰিনজ্যোতি গগৈ, শোণিতপুৰত ৰণজিৎ দত্তই প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ হৈ দৰং-ওদালগুৰিত সাংসদ দিলীপ শ‍ইকীয়া, কৰিমগঞ্জত কৃপানাথ মাল্লা, শিলচৰত পৰিমল শুক্লবৈদ্য, নগাঁৱত সুৰেশ বৰা আৰু ডিফুত অমৰ সিং টিছ’ৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ বিপৰীতে নগাঁৱত কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ, শিলচৰত দলটোৰ প্ৰাৰ্থী সূর্যকান্ত সৰকাৰ, দৰং-ওদালগুৰিত মাধৱ ৰাজবংশী, কৰিমগঞ্জত হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু ডিফুত জয়ৰাম ইংলেঙে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে, গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ হৈ বিজুলী কলিতা মেধি আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বৰপেটাত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিপৰীতে চি পি আই এমৰ হৈ মনোৰঞ্জন তালুকদাৰে প্ৰাৰ্থীত্ব আগবঢ়াইছে। ধুবুৰী সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ ৰকিবুল হুছেইনৰ বিপৰীতে এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক