দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ

দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ৩০ মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সলনি কৰা হৈছে। এইবাৰ ৰিটার্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা ৮ বজাত পোষ্টেল বেলট গণনা আৰম্ভ হ’ব আৰু ৩০ মিনিট পাছত ইভিএম মুকলি কৰা হ’ব। এই স্থানসমূহত পোষ্টেল বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, বাকী জিলাসমূহত পোষ্টেল বেলট পেপাৰ গণনা কৰা নহয়। সেই ঠাইসমূহত পুৱা ৮ বজাৰ পৰা ইভিএমৰে গণনা আৰম্ভ হ’ব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জনোৱা অনুসৰি ভোটগণনা সম্পন্ন কৰিবলৈ ৬৪জন সাধাৰণ পর্যবেক্ষকক প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে, ৰাজ্যখনত সৰ্বমুঠ ১ লাখ ২৮ হাজাৰ ২৯৯টা পোষ্টেল বেলট প্ৰদান কৰা হৈছে। ৰাজ্যত অন্য জিলাসমূহৰ লগতে ভোটগণনাৰ বাবে বৰপেটা জিলা প্ৰশাসন আৰু জিলা কর্তৃপক্ষ সাজু হৈছে। জিলাখনৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব। মহাবিদ্যলায়খনৰ চাৰিটা কোঠাত ১৪ খনকৈ টেবুলত ভোটগণনা চলিব বুলি নির্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিছে। ভোটগণনা প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি নহ’বলৈ দায়িত্বত নিয়োজিত বিষয়াসকলক প্রশিক্ষণ প্ৰদান কৰা হৈছে। একেদৰে ডিফু সংসদীয় সমষ্টিৰ অন্তৰ্গত হাওৰাঘাট, ডিফু আৰু বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা অনুষ্ঠিত হ’ব। ইয়াৰ বাবে জিলাখনত আজি সন্ধিয়া ৫ বজাৰ পৰা ১৪৪ ধাৰা জাৰি কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিত ৬টা স্থানত ভোট গণনা প্রক্রিয়া অনুষ্ঠিত হ’ব। যোৰহাট সমষ্টিত ১৩টা ৰাউণ্ড আৰু তিয়ক ১৮টা ৰাউণ্ডত ভোটগণনা চলিব। সেইদৰে পোষ্টেল বেলটৰ ক্ষেত্ৰত তিনি তিনি ৰাউণ্ডকৈ গণনা চলিব। লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলাখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে। নিৰ্দেশনা অনুসৰি ভোটগণনা আৰু ফলাফল ঘোষণা সম্পূৰ্ণ নোহোৱালৈকে ভোটগণনা কেন্দ্ৰৰ চৌহদৰ ভিতৰত কোনোধৰণৰ শ্লোগান দিব নোৱাৰিব ৷ লগতে ভোটগণনা কেন্দ্ৰৰ চৌহদৰ বাহিৰত কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে বিজয় উৎসৱ পালন কৰিব নোৱাৰিব। গণনা কেন্দ্ৰৰ এক কিলোমিটৰ ব্যাসাৰ্ধৰ ভিতৰত জনসমাৱেশ, পতাকা, লাঠী, আগ্নেয়াস্ত্রলৈ শোভাযাত্ৰা উলিওৱাৰ ক্ষেত্ৰততো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। একেদৰে বাক্সা জিলাত কাইলৈ পুৱা ৫ বজাৰ পৰা পৰহি সন্ধিয়া ৫ বজালৈ ১৪৪ ধাৰা জাৰি কৰিছে। ইপিনে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি চৰাইদেউ জিলাৰ সোণাৰীত উপস্থিত হৈ দলীয় নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়।

অধিক পঢ়ক

সকলো চাওক