লোকসভা নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নির্বাচনৰো ভোটগণনা কৰা হ’ব। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে, ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফলাফলসমূহ নির্বাচন আয়োগৰ ৱেবচাইট results.eci.gov.inৰ লগতে ভোটাৰ হেল্পলাইন এপ’ত উপলব্ধ হ’ব। জনসাধাৰণে এই ভোটাৰ হেল্পলাইন এপ গুগল প্লে’ ষ্ট’ৰ অথবা এপ’ল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আয়োগে লগতে ৰিটার্ণিং বিষয়া আৰু কাউন্টিং এজেণ্টসকলৰ বাবে ইয়াৰ ৱেবচাইটত এখন হাতপুঁথিও প্রকাশ কৰিছে। ইফালে অসমতো কাইলৈ হ’বলগীয়া ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যখনৰ ৫০খন নিৰ্বাচনী জিলাত স্থাপিত ৫২টা ভোটগণনা কেন্দ্ৰত হ’বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই কথা প্ৰকাশ কৰি কয় যে, পুৱা ৮ বজাত আৰম্ভ হ’বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫ হাজাৰ ৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ৬৪ গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে মুঠ ৫২টা ভোটগ্রহণ কেন্দ্ৰত এহেজাৰ ৯৪১ খন ভোটগণনাৰ মেজৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, আজিৰ দিনটোলৈ ৰাজ্যৰ ১৪ গৰাকী ৰিটার্নিং বিষয়াই ১ লাখ ২৮ হাজাৰৰো অধিক ডাক-বেলট লাভ কৰিছে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত সর্বাধিক সংখ্যক ডাক বেলট লাভ কৰা হৈছে।
Site Admin | June 3, 2024 5:59 PM | Election update