ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত কঠোৰ নিৰ্বাচন আয়োগ

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ আগদিনা আৰু ভোটগ্ৰহণৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগ যথেষ্ট কঠোৰ হৈছে। দুয়োটা দিনত প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্যায়ৰ এম চি এম চিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ লব লাগিব বুলি নির্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে। নির্বাচন আয়োগৰ সচিব ৰাজেশ কুমাৰ সিঙে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ নিৰ্দেশ প্রদান কৰিছে। উল্লেখযোগ্য যে, প্রথম পর্যায়ত ১৯ এপ্ৰিলত হবলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত এই নিয়ম ১৮ আৰু ১৯ এপ্ৰিলত প্ৰযোজ্য হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।