ৰাজ্যত স্পৰ্শকাতৰ হিচাপে বিবেচিত ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছেঃ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল

◊ ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হবলগীয়া ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে চি এ পি এফ অর্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হ’ব।

তদুপৰি ই ভি এম সমূহ অনা নিয়া কৰা বাহনসমূহত জিপিএছ সংলগ্ন কৰি ৰখা হ’ব। প্ৰায় ২০ হাজাৰখন বাহনত জিপিএছ ট্রেকিঙৰ ব্যৱস্থা থাকিব। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এতিয়ালৈকে নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগৰ ব্যৱস্থা কৰা হৈছে আৰু আন্তৰাষ্ট্ৰীয় সীমান্তসমূহত জনসাধাৰণৰ আহ-যাহৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে। তেওঁ লগতে কয় যে, প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটকেন্দ্ৰ সাল-সলনি বা ভোটাৰ তালিকাত নাম সংশোধনী প্ৰক্ৰিয়াৰ সময় উকলি গৈছে যদিও তৃতীয় পৰ্যায়ত ভোট দিবলগীয়া ভোটদাতাসকলৰ বাবে এতিয়াও এই সুবিধা আছে। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনৰ পৰা ১০ দিন আগলৈকে এই সাল সলনিৰ সুবিধা থাকে বুলি মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এইবাৰ ভোটকেন্দ্ৰসমূহত দৃষ্টিহীন লোকসকলে ব্রেইল পদ্ধতিৰে ভোট দিব পাৰিব।

Read More News :

তদুপৰি জ্যেষ্ঠ নাগৰিক, সন্তানসম্ভৱা আৰু দিব্যাংগসকলক অপেক্ষা নকৰাকৈ ভোটদানৰ সুবিধা প্ৰদান কৰা হ’ব। আনহাতে, ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু ৪০ শতাংশতকৈ অধিক শাৰিৰীক প্ৰতিবন্ধকতা থকা লোকসকলে ইচ্ছা কৰিলে নিজৰ বাসগৃহৰ পৰা ভোটদান কৰিব পাৰিব। এই সুবিধা ৫ এপ্ৰিলৰ পৰা প্ৰদান কৰা হ’ব। ইপিনে, ৰাজ্যখনত নিৰ্বাচন প্ৰযুক্তিৰ সহায়ত পৰিচালনাৰ বাবে আয়োগে ভালেমান অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটদাতাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে ইৰোনেট নামৰ ছফটৱেৰ ব্যৱহাৰৰ উপৰি ৰাজ্যখনত নিৰ্বাচন আচৰণবিধি উলংঘাৰ ঘটনা পৰিলক্ষিত হোৱা মাত্রেই নির্বাচন আয়োগক অৱগত কৰিবলৈ চি ভিজিল এপ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। এই এপত পঞ্জীয়ন হোৱা ৯০ শতাংশ গোচৰ লাভ কৰাৰ এশ মিনিটৰ ভিতৰত নিষ্পত্তি কৰা হৈছে বুলিও শ্রীগোৱেলে জানিবলৈ দিয়ে। ৰাজ্যখনত ৪ লাখ ৩৫ হাজাৰ নতুন ভোটদাতা আছে আৰু তেওঁলোকক সৰ্বোত্তম গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে উৎসাহিত কৰিবলৈ ভালেমান সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে বুলি শ্রীগোৱেলে প্ৰকাশ কৰে।

ভোটদান সৰ্বাত্মক কৰি তোলাৰ বাবে ছুইপ কাৰ্যসূচীৰ অধীনত বিভিন্ন ব্যৱস্থা লোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে। আনহাতে, এইবাৰ নিৰ্বাচনত নিয়োজিত হবলগীয়া কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোৰ বাবে মৰগীয়া বানচ লাভ কৰাৰ উপৰি পৰিবহনৰ সুবিধা আৰু থকা খোৱাৰ ব্যৱস্থা লাভ কৰিব। একেদৰে, নিৰ্বাচনী দায়িত্বত নিয়োজিত ব্যক্তি অসুস্থ হলে তেওঁলোকক আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনাৰ অধীনত বিনামুলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ’ব। নির্বাচনী দায়িত্বত নিয়োজিত কোনো ব্যক্তিৰ দুৰ্ঘটনাগ্ৰস্ত হ’লে বা তেওঁলোকৰ প্রাণহানি হলেও তৎকালিনভাৱে পৰিয়ালক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক