অসমত ৰাজ্যিক নির্বাচন আয়োগে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পাছতে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে পঞ্চায়ত নির্বাচন ব্যৱস্থাপনা সমিতি, ইস্তাহাৰ সমিতি ইত্যাদি গঠন কৰি বিভিন্ন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে। মিত্রদল অগপৰ সৈতে সাংগঠনিক জিলা অনুসৰি দলটোৱে আলোচনা অব্যাহত ৰাখিছে। আম আদমী পাৰ্টীয়েও আজি এখন প্ৰেছ বিজ্ঞপ্তিযোগে নির্বাচন হ‘বলগীয়া ২৭ খন জিলাৰ ১৮১ খন আঞ্চলিক পঞ্চায়ত আৰু ৩৯৭ খন জিলা পৰিষদৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰকাশ কৰিছে।
Site Admin | December 30, 2024 8:34 PM | Election Commission