ডাউনলোড
মোবাইল এপ

android apple
signal

December 26, 2024 8:38 PM | Election Commission

printer

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰিসংখ্যা প্ৰকাশ

নির্বাচন আয়োগে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰিসংখ্যা প্ৰকাশ কৰিছে। সেই অনুসৰি বিগত লোকসভা নিৰ্বাচনত দেশৰ মুঠ ৬৪ কোটি ৬৪ লাখ ভোটদাতাই ভোটদান কৰিছিল। ইয়াৰ ভিতৰত ৬৫. ৭-৮ শতাংশ মহিলা ভোটাদাতা আছিল। আয়োগে প্ৰকাশ কৰা ৪২খন বিস্তাৰিত পৰিসংখ্যাগত প্ৰতিবেদনত কোৱা হৈছে যে এইবাৰ পঞ্জীয়নভুক্ত তৃতীয় লিংগ ভোটাদাতাৰ সংখ্যা ২৩. ৫ শতাংশ বৃদ্ধি পাইছে। ২০১৯ চনত তৃতীয় লিংগৰ ভোটাদাতা ২৭.৯ শতাংশ আছিল। ২০২৪ চনত এই ভোটাদাতাৰ সংখ্যা ১৪. ৬–৪ শতাংশলৈ বৃদ্ধি পায়। এই বৰ্ষৰ সাধাৰণ নিৰ্বাচনত ৪০টা কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত ৫৪০টা কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াৰোপৰি আয়োগে অন্ধ্র প্রদেশ, অৰুণাচল প্ৰদেশ, ওড়িশা আৰু ছিকিমত অনুষ্ঠিত বিধানসভা নির্বাচন সন্দৰ্ভতো ১৪খন পৰিসংখ্যামূলক প্রতিবেদন আজি প্ৰকাশ কৰিছে।

 

অধিক পঢ়ক

সকলো চাওক