October 22, 2024 6:31 PM | Election Commission

printer

ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশমৰ্মে আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশমৰ্মে আজি শিৱসাগৰ সদৰ মহকুমা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত ডিমৌ, শিৱসাগৰ, গৌৰীসাগৰ আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। চলিত বৰ্ষৰ শিৱসাগৰ সদৰ মহকুমাৰ অন্তৰ্গত পঞ্চায়তৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩ লাখ ৭৮ হাজাৰ ২১ গৰাকী। মহকুমাটোৰ অন্তৰ্গত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অধীনৰ জিলা পৰিষদৰ আসনৰ সংখ্যা ১৩ খন। একেদৰে আঞ্চলিক পঞ্চায়তৰ আসনৰ সংখ্যা ৪ খন। জিলাখনৰ ৬২ খন গাঁৱত ৬২০টা ৱাৰ্ড আছে। আনহাতে মুঠ পঞ্চায়তৰ ভোটকেন্দ্ৰৰ সংখ্যা ৬৩৮টা। ভোটাৰসকলে ermssec.assam.gov.in ৱেবছাইটযোগে ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। লগতে ৱেবছাইটযোগে ভোটাৰ পৰিচয় পত্ৰত উল্লেখ থকা নম্বৰ প্ৰয়োগ কৰি ভোটাৰ তালিকা ডাউনলড কৰিব পাৰিব। ইপিনে বঙাইগাঁও সদৰ মহকুমাৰ অধীনৰ পঞ্চায়তৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। তালিকা অনুসৰি বঙাইগাঁও সদৰ মহকুমাত মুঠ ভোটাৰৰ সংখ্যা এক লাখ ৮৯,৭৬৬ গৰাকী। মহকুমাটোৰ অধীনত ৭টা জিলা পৰিষদৰ সমষ্টি, দুখন আঞ্চলিক পঞ্চায়ত, ২৮ খন গাঁও পঞ্চায়ত আৰু ২৮০টা ৱাৰ্ড আছে।

অধিক পঢ়ক

সকলো চাওক