লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা, ৰোড শ্ব’ আদিৰে ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি পশ্চিমবংগৰ ঝাৰগ্ৰামত এটা ৰেলীত অংশ লয়।

ইয়াৰ পূৰ্বে তেওঁ ওড়িশাৰ আংগুল আৰু কটকত দুখন জনসভা সম্বোধন কৰে। শ্ৰীমোদীয়ে কয় যে, কটক হৈছে ভাৰতৰ এখন পূৰণি চহৰ আৰু আধুনিক শিক্ষাৰ কেন্দ্ৰ। তেওঁ ৰাজ্যখনত বিজেপি শাসনলৈ আহিলে ধানৰ ন্যূনতম সমৰ্থন মূল্য প্রতি কুইণ্টলত ২ হেজাৰ ২০০ টকাৰ পৰা ৩ হেজাৰ এশ টকালৈ বৃদ্ধি কৰিব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ কয় যে, ওড়িশা প্ৰাকৃতিক সম্পদেৰে চহকী হোৱাৰ পাছতো ৰাজ্যখনৰ জনসাধাৰণ দৰিদ্ৰতাৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে। আনহাতে, বিজু জনতা দল অর্থাৎ বিজেডিৰ শাসনত ওড়িশাৰ প্ৰাকৃতিক সম্পদ তথা সংস্কৃতি নিৰাপদ নহয় বুলি অভিযোগ তুলি প্রধানমন্ত্ৰীয়ে নবীন পাটনায়কৰ চৰকাৰখনক ২৪ বছৰীয়া শাসনকালত কৃষক আৰু যুৱচামৰ বাবে কল্যাণকামী পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে সমালোচনা কৰে। তেওঁ ৰাজ্যখনক সমৃদ্ধিৰ দিশত আগবঢ়াই নিয়াৰ বাবে জনসাধাৰণক চৰকাৰ পৰিৱৰ্তন কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্রী মোদীয়ে আজি পুৱা পুৰী চহৰত এটা ৰোড শ্ব’তো অংশ লয়। ওড়িশাৰ মুখ্যমন্ত্ৰী তথা বিজেডিৰ সভাপতি নবীন পাটনায়কেও আজি সন্ধিয়া এটা বিশাল ৰোড শ্ব’ আৰু কেইবাখনো জনসভাত অংশ লয়।

ইপিনে, জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে আজি হাৰিয়ানাৰ কাৰ্ণাল আৰু হিচাৰত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীশ্বাহে কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে কৃষি খণ্ডত পৰিৱৰ্তনৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ চৰকাৰৰ শাসনকালত কৃষকৰ বাবে ২২ হাজাৰ কোটি টকাৰ বাজেটত অনুমোদন জনোৱা হৈছিল, ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰত এই বাজেট এক লাখ ২৫ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা যোগী আদিত্য নাথে চণ্ডীগড়ৰ এটা ৰেলীত ভাগ লয়। আনহাতে, সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে উত্তৰ প্ৰদেশৰ দুমৰীয়াগঞ্জ আৰু সন্ত কবিৰনগৰত জনসভা সম্বোধন কৰে। শ্ৰীযাদৱে আন এন ডি আই মিত্রজোঁট শাসনলৈ আহিলে ৩০ লাখ যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰাৰ লগতে অগ্নিবীৰ আঁচনিখন বন্ধ কৰাৰ বাবে কাম কৰিব বুলি জনসাধাৰণক আশ্বাস দিয়ে।

অধিক পঢ়ক

সকলো চাওক