ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ অসম প্ৰদেশৰ সমিতি গঠন

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে সমিতি গঠন কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অনুসৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক উপ-নির্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ছিদলি বিধানসভা সমষ্টিৰ বাবে বিধায়ক অজয় ৰায়, বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিভূতি বৰগয়াৰীক দায়িত্ব দিয়া হৈছে। বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ অ’বিচি মৰ্চাৰ অশ্বিনী ৰায় সৰকাৰ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বনদীপ ডেকা আৰু বি টি আৰৰ কাৰ্যবাহী সদস্য অৰূপ দে’ক দায়িত্ব দিয়া হৈছে। বিধায়ক জিতু গোস্বামী, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক অনিল শ‍ইকীয়া আৰু মহেন্দ্ৰ কোঁৱৰক চামগুৰি বিধানসভা সমষ্টিৰ দায়িত্ব দিয়া হৈছে। একেদৰে ধলাই বিধানসভা সমষ্টিৰ বাবে বিধায়ক কৌশিক ৰায়, দলৰ ৰাজ্যিক সম্পাদক কনাদ পুৰকায়স্থ আৰু কাছাৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক শশাংক পালক দায়িত্ব দিয়া হৈছে। বিহালি বিধানসভা সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দুলেন নায়কৰ লগতে বিধায়কদ্বয় দিগন্ত কলিতা আৰু ভুৱন পেগুক দায়িত্ব দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ইপিনে কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভ কৰা সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাসহ বিজেপিৰ নৱনিৰ্বাচিত সাংসদক আজি বাজপেয়ী ভৱনত সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক