ডাউনলোড
মোবাইল এপ

android apple
signal

April 3, 2025 1:02 PM | Pnchyat election

printer

দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মেত দুটা পৰ্যায়ত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হব। ১১ মেত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হব। কালি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক নির্বাচন আয়ুক্ত আলোক কুমাৰে এই বিষয়ে প্রকাশ কৰে। এই অনুসৰি প্রথম পৰ্যায়ত অহা ২ মে’ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্রহণ অনুষ্ঠিত হব। দ্বিতীয় পৰ্যায়ত অহা ৭ মেত নামনি অসম আৰু মধ্য অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ হব।

ভোটগ্রহণৰ বাবে ২৫ হাজাৰ ৭ টা ভোটকেন্দ্ৰ স্থাপন কৰা হব। ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী ভোটদাতাই এই নিৰ্বাচনত ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নিৰ্বাচনৰ বাবে ১ লাখ ২০ হাজাৰ কৰ্মচাৰী নিয়োগ কৰা হব। অৱশ্যে ষষ্ঠ অনুসূচীৰ অধীনৰ এলেকাত এই নির্বাচন অনুষ্ঠিত নহয়। আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰাৰ্থীৰ সৰ্বাধিক নির্বাচনী ব্যয় আঢ়ৈ লাখ টকা, জিলা পৰিষদত ১০ লাখ টকা আৰু গাঁও পঞ্চায়তত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ বাবে নির্বাচনী ব্যয় সর্বাধিক ব্যয় ২৫ হাজাৰ টকা ধাৰ্য কৰা হৈছে বুলি নিৰ্বাচন আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। এই নির্বাচনত ই ভি এমৰ পৰিৱৰ্তে বেলট কাগজ ব্যৱহাৰ কৰা হ’ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নির্বাচন হবলগীয়া অঞ্চলসমূহত নির্বাচনী আৰ্হি আচৰণ বিধি বলৱৎ হৈছে।

অধিক পঢ়ক

সকলো চাওক