অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান পূৰ্ণ গতিত চলি আছে। গোৱালপাৰা জিলাৰ ১৯টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে নিজ নিজ সমষ্টিত ভোটদাতাসকলক আকৰ্ষিত কৰিব বাবে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। দক্ষিণ দূধনৈৰ বিজেপি সমর্থিত ৰাভা-হাছং যৌথ সংগ্রম সমিতিৰ প্ৰাৰ্থী তথা ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সমানে সমানে কংগ্ৰেছ প্রার্থী সঞ্জীৱ কুমাৰ ৰাভা আৰু ভোটাৰ্ছ পাৰ্টী অব ইণ্ডিয়া দলৰ প্ৰাৰ্থী পুনম হাজোৱাৰীয়ে কালি কেইবাখনো নির্বাচনী সভাত অংশ লয়।
কামৰূপ জিলাৰ ২৭ নম্বৰ পৰিষদীয় সমষ্টিত ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি তথা এন ডি এ সমর্থিত প্ৰাৰ্থী সুমিত ৰাভাই সহস্ৰাধিক সমর্থকক লগত লৈ বকো ডাকোৱাপাৰাত কালি নিৰ্বাচনী কার্যালয় মুকলি কৰে। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী অর্জুন ছেত্ৰী, ৰমাকান্ত ৰাভা আৰু আদিত্য ৰাভাইও কালি নিজ নিজ পৰিষদীয় সমষ্টিত প্ৰচাৰ আৰম্ভ কৰে। পৰিষদৰ পাণ্টান সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোজ ৰাভা, দক্ষিণ পাণ্টান পৰিষদৰ কংগ্ৰেছ প্রার্থী জিমবাৰ্থ মাৰাক, উত্তৰ বনগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী দুৰ্গেশ্বৰ বড়ো আৰু বামুণী গাঁৱৰ জ্যোতিষ ঠাকুৰীয়াইও নিজ নিজ সমষ্টিত প্ৰচাৰ চলায়।
উল্লেখযোগ্য যে, অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ হ’ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।