অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৩৩ টা সমষ্টিত মুঠ ৯৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নির্বাচন হ’বলগীয়া দুখন জিলা কামৰূপ আৰু গোৱালপাৰাৰ ৩৬টা সমষ্টিৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে তিনিগৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। কামৰূপ জিলাৰ অন্তৰ্গত হাঁহিম সমষ্টিত ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা আৰু খলিহাকোষ্ঠ পৰিষদীয় সমষ্টিত নগৰমল স্বৰ্গীয়াৰী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা ৫৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত জয়ৰামকুছি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্রেমাজুলি ৰাভা বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। পৰিষদৰ এই নিৰ্বাচনত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিয়ে ৩০টাত আৰু বিজেপিয়ে ৬টা সমষ্টিত প্রার্থিত্ব দিছে।
২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হ’ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন- ২ এপ্ৰিলত পৰিষদৰ অন্তর্গত অঞ্চলসমূহত সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বেংক, ব্যৱসায়িক প্রতিষ্ঠান, চাহ বাগিচা ইত্যাদি বন্ধ থাকিব। গোৱালপাৰা জিলা আয়ুক্তই স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ বাবে নির্বাচনী বিষয়াসকলক তিনিটা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিবলৈ দিছে। একেদৰে কামৰূপ জিলাতো ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ জিলা আয়ুক্তই নির্বাচনী প্রশিক্ষণৰ আয়োজন কৰিছে।