কাইলৈ পুৱা সাত বজাৰ পৰা ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ‘ব। বিয়লি ৫ বজালৈকে চলিবলগীয়া এই ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ভোটগ্ৰহণকাৰী দলসমূহ ইতিমধ্যে নিজ নিজ ভোটগ্রহেণ কেন্দ্ৰত উপস্থিত হৈছে। নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা চামগুৰি বিধানসভা সমষ্টিৰ আটাইবোৰ ভোটগ্রহণ কেন্দ্ৰতে সশস্ত্ৰ নিৰাপত্তাৰক্ষী নিযুক্ত কৰা হৈছে। স্পৰ্শকাতৰ বুলি চিহ্নিত আন চাৰিটা সমষ্টিৰো ভোটগ্রহণ কেন্দ্ৰসমূহত সশস্ত্ৰ নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি নিৰ্বাচন নির্বিঘ্নে অনুষ্ঠিত কৰাৰ বাবে ভ্ৰাম্যমাণ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ভোটগ্রহণ কেন্দ্ৰসমূহত তহল দিব। চিৰাং জিলাৰ আন্তৰ্জাতিক সীমান্ত অঞ্চলত আজি সন্ধিয়াৰে পৰা নিৰাপত্তা বাহিনীয়ে পহৰা ব্যৱস্থা অধিক শক্তিশালী তুলিছে। চিদলী সমষ্টিৰ ৩৩ টা ভোটগ্রহণ কেন্দ্ৰ স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। ইয়াৰে ৯টা ভোটগ্রহণ কেন্দ্ৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত। সমষ্টিটোৰ দুটা ভোটগ্রহণ কেন্দ্ৰক আদৰ্শ ভোটগ্রহণ কেন্দ্ৰৰূপে চিহ্নিত কৰা হৈছে আৰু এই কেন্দ্ৰ দুটাৰ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীসকলৰ আটায়েই মহিলা। বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিত মুঠ এহেজাৰ ৭৮টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে চিদলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা, চামগুৰিত ১৯৭টা, বিহালীত ১৫৪টা আৰু ধলাইত ২০৮টা ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। সমষ্টিকেইটাৰ উপ-নির্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধলাই আসনৰ বাবে ৮ গৰাকী, চামগুৰিত ১১ গৰাকী, চিদলীত ৩ গৰাকী, বিহালীত ৪ গৰাকী আৰু বঙাইগাঁও সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই উপ-নির্বাচনত ৯ লাখ ১২ হাজাৰৰো অধিকসংখ্যক ভোটদাতাই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। এইসকলৰ মাজত পুৰুষ ভোটদাতাৰ সংখ্যা ৪ লাখ ৫৫ হাজাৰ ১২৪ আৰু মহিলা ভোটদাতাৰ সংখ্যা ৪ লাখ ৫৬ হাজাৰ ৮৮২ হোৱাৰ বিপৰীতে ১৯ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। উপ-নির্বাচন হ’বলগীয়া আটাইকেইটা সমষ্টিতে এইবাৰ শাসকীয় বিজেপি, অসম গণ পৰিষদ, ইউ পি পি এল মিত্ৰজোঁট আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। কাইলৈ ভোটগ্ৰহণত ভোটদাতাসকলে ভোটদাতাৰ পৰিচয়পত্র লগত অনাটো বাধ্যতামূলক কৰা হৈছে। ভোটদাতাসকলে পৰিচয়পত্ৰ হিচাপে আধাৰ কাৰ্ড, পেন কার্ড, ফটোযুক্ত পাছবুক, ড্রাইভিং লাইছেন্স, ফটোযুক্ত পেন্সন পত্ৰ আৰু চৰকাৰী পৰিচয়পত্ৰকে ধৰি ১২খন নিৰ্দিষ্ট পৰিচয়পত্ৰৰ যিকোনো এখন আনিলেও ভোটদান কৰিব পাৰিব বুলি ৰাজ্যিক নির্বাচনী বিষয়াই জনাইছে।
Site Admin | November 12, 2024 7:16 PM | Assam by election