October 15, 2024 7:03 PM | Election

printer

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন, অসমৰ ৫ টা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা

নির্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ উপৰি অসমৰ ৫ টাকে ধৰি দেশৰ ৪৮ বিধানসভা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অসমৰ ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত খালী হোৱা আসন ৫ খনৰ বাবে অহা ১৩ নৱেম্বৰত নিৰ্বাচন হ’ব। সেইদিনাখনেই ৱাইনাড সংসদীয় আসনখনৰ বাবেও উপ নির্বাচন অনুষ্ঠিত হ’ব। আনহাতে, মেঘালয়ৰ এখন আৰু চিকিমৰ দুখন বিধানসভা আসনৰ বাবে উপ নির্বাচন অনুষ্ঠিত হ’ব। ইপিনে, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰত নন্দেৰ বিধানসভা আসনৰ বাবে ২০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইপিনে, মহাৰাষ্ট্ৰত এটা পৰ্যায়ত ২০ নৱেম্বৰত আৰু ঝাৰখণ্ডত ২টা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। নতুন দিল্লীত আজি নিৰ্বাচনৰ সূচী ঘোষণা কৰি মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে, অহা ২২ অক্টোবৰত ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব আৰু অহা ২৯ অক্টোবৰ পৰ্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। ৰাজ্যখনত ভোটগ্ৰহণৰ বাবে এক লাখৰো অধিক ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব আৰু ৯ কোটি ৬৩১ লাখৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ২৩ নৱেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব। ঝাৰখণ্ডত অহা ১৮ অক্টোবৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি কৰা হ’ব আৰু ২৫ অক্টোবৰ পৰ্যন্ত প্রার্থীয়ে মনোনয়ন দাখিল কৰিব পাৰিব। দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজ্যখনত ২২ তাৰিখে অধিসূচনা জাৰি কৰা হ’ব আৰু ২৯ অক্টোবৰলৈ মনোনয়ন দাখিল কৰিব পাৰিব। মুখ্য নির্বাচনী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে ৰাজ্যখনত ২৬ হাজাৰৰো অধিক ভোটকেন্দ্ৰত ২ কোটি ৬০ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইফালে নির্বাচনী সূচী ঘোষণা কৰাৰ লগে লগে দুয়োখন ৰাজ্যতে নির্বাচনী আৰ্হি আচৰণ বিধি বলৱৎ হৈছে।

অধিক পঢ়ক

সকলো চাওক