লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ সুৰা নিষিদ্ধ ঘোষণা কৰিছে। ১৯ এপ্ৰিলত হ’বলগীয়া মিজোৰামৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষা ৰাখি অসমৰ ৰাজ্যপালৰ নিৰ্দেশমৰ্মে আজি বিয়লি ৪ বজাৰ বৰা কৰিমগঞ্জ জিলাত ১৯ এপ্ৰিললৈ সুৰা নিষিদ্ধ ঘোষণা কৰিছে। জনপ্রতিনিধিত্ব আইন ১৯৫১ আৰু অসম আবকাৰী আইন অনুসৰি মিজোৰামৰ সীমান্তৱৰ্তী অসমৰ অঞ্চলসমূহত নিচাজাতীয় দ্ৰব্যৰ পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইপিনে লখিমপুৰ জিলা প্ৰশাসনেও আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ সুৰা নিষিদ্ধ ঘোষণা কৰিছে। চৰাইদেউ জিলাতো আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ বিয়লি ৫ বজা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰি এনে সামগ্ৰীৰ মজুতকৰণ বা বিক্ৰী এই সময়ছোৱাত নিষিদ্ধ কৰা হৈছে। ডিমা হাছাও জিলাতো প্রশাসনে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে। চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰিছে। ইপিনে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত জিলাকেইখনত আজি বিয়লি ৫ বজাৰ পৰা ভোটদানৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সুৰাজাতীয় সামগ্ৰী বিক্ৰী কৰা পাইকাৰী আৰু খুচুৰা বিপনী তথা দেশীয় সুৰাৰ দোকানসমূহ বন্ধ থাকিব। এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম আৱকাৰী আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আইন শৃংখলাজনিত কাৰণত শোণিতপুৰ জিলাত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। লোকসভা নিৰ্বাচন পৰিপ্ৰেক্ষিতত যোৰহাটতো প্ৰশাসনে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰিছে।
Site Admin | April 17, 2024 8:01 PM | 1st phase election