ডাউনলোড
মোবাইল এপ

android apple
signal

ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অহা ২ আৰু ৭ মেত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যৰ নিৰ্বাচন হবলগীয়া জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত আয়োজিত নির্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দলীয় প্রার্থীক জয়ী কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনায়। নিজৰ ভাষণত ড° শৰ্মাই বিগত সময়ছোৱাত ৰাজ্য চৰকাৰৰ সফলতাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পাছত ৰাজ্যখনত উদ্যোগ ক্ষেত্ৰত মুকলি হোৱা বিনিয়োগৰ সা-সুবিধা আৰু ইয়াৰ ফলত ৰাজ্যখনৰ যুৱক-যুৱতীৰ বাবে নিয়োগৰ পথ প্ৰশস্ত হোৱাৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংৰাই ৰাজহুৱা খেলপথাৰত গণসমাবেশত অংশগ্ৰহণ কৰি নিৰ্বাচনৰ প্ৰচাৰ চলায়। তেওঁ কয় যে পঞ্চায়তৰ কাৰ্যালয়ত ৰাইজে বিচৰা মতে ৱাৰ্ড সদস্যপদৰ বাবে প্ৰতীকচিহ্ন ব্যৱহাৰ কৰা হোৱা নাই আৰু ৰাইজে নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দি ৱাৰ্ড সদস্য নির্বাচন কৰিব পাৰিব। ইয়াৰ পাছত গাঁওসভাৰ জৰিয়তে পঞ্চায়ত সভাপতি বাছনি কৰিব লব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। আজি এই সমাবেশত সাংসদ ৰামেশ্বৰ তেলী, মন্ত্রী প্রশান্ত ফুকন, ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও বিধায়ক আৰু দলীয় নেতাসকল উপস্থিত আছিল।

ইপিনে, বৰাক উপত্যকা ভ্ৰমণৰ অন্তিম দিনা আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই এখন সংবাদ মেলত ৰাজ্যখনৰ বিজেপি মিত্ৰজোঁটৰ দ্বিতীয়টো কাৰ্যকালত সকলো দিশতে উন্নয়ন হৈছে বুলি মন্তব্য কৰে। তেওঁ বৰাক উপত্যকাৰ তিনিওখন জিলাত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰে।

শিৱসাগৰত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমাৎ‍ বৃদ্ধি পাইছে। আজি বিজেপি, অসম গণ পৰিষদ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিধায়ক সুশান্ত বৰগোঁহাইয়ে শিৱসাগৰ নগৰৰ সমীপৰ নগৰ মহল গাঁও পঞ্চায়তত এলানি নির্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে গোলাঘাটত মন্ত্ৰী অজন্তা নেওগে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আজি মেৰাপানীত তৰাণি জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। বোকাখাত সমষ্টিত অগপ আৰু বিজেপি মিত্ৰজোঁটৰ হৈ কৃষি মন্ত্রী তথা অগপৰ সভাপতি অতুল বৰাই প্ৰচাৰ অব্যাহত ৰাখিছে।

শাসকীয় বিজেপি মিত্রজোঁটৰ উপৰি বিৰোধী কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। নগাঁও জিলাত বিধায়িকা শিবামনি বৰাই কংগ্ৰেছ প্ৰাৰ্থীৰ ধিং অঞ্চলত প্ৰচাৰ চলাইছে। একেদৰে গোৱালপাৰা জিলাৰ শিমলীতোলা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ আজি দলে প্ৰচাৰ সভাৰ আয়োজন কৰে।

শ্রীভূমি জিলা সদৰৰ পুঁথিভঁৰাল প্ৰেক্ষাগৃহত আজি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সৈতে নিৰ্বাচনৰ পৰ্যবেক্ষকসকলে এখন বৈঠকত মিলিত হয়। তিনিগৰাকী পর্যবেক্ষক ক্ষীতিশ চন্দ্র পেগু, ধর্মকান্ত মিলি আৰু ড° দেৱজিৎ কনিকাৰৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মূল গগৈয়ে এই বৈঠকত অংশ লয়।

অধিক পঢ়ক

সকলো চাওক