ডাউনলোড
মোবাইল এপ

android apple
signal

April 8, 2025 12:06 PM | Panchyat election

printer

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে।

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ত কালি স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে সমাগত পঞ্চায়ত নির্বাচন সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত নির্বাচনী বিষয়াই পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল, প্ৰাৰ্থীৰ নিৰ্বাচনী চিহ্নৰ বাছনি তথা নিৰ্বাচনৰ বিভিন্ন নিয়মাৱলী সন্দৰ্ভত প্রতিনিধিসকলক অৱগত কৰে। সভাত জিলা আয়ুক্তই এই নির্বাচনী প্ৰক্ৰিয়া সূচাৰুৰূপে পৰিচালনাত সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। কামৰূপ জিলা প্ৰশাসনেও এই নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে মনোনয়ন প্রক্রিয়া সুকলমে চলোৱাৰ বাবে বিভিন্ন পৰ্যায়ত জিলাখনত ৩৮ গৰাকী আৰু ৰঙিয়া সম জিলাত ৪ গৰাকী বিষয়া নিয়োগ কৰিছে । কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ২৪ খন জিলা পৰিষদ, ১৩৯ খন পঞ্চায়ত আৰু ১৩৯ খন আঞ্চলিক পঞ্চায়ত আছে। জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিত কামৰূপ নিৰ্বাচনী জিলাই আৰু দুটা সমষ্টিত ৰঙিয়া সম জিলাই নির্বাচন অনুষ্ঠিত কৰিব।

বৰপেটা জিলাৰ অন্তৰ্গত পৰিষদসমূহত আসন বুজাবুজিৰ বাবে কালি বিজেপি আৰু অগপৰ নেতাসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্লবৰুৱা আৰু সাংসদ ফণীভূষণ চৌধুৰীয়ে অংশগ্ৰহণ কৰে। বৈঠকত নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত অগপ আৰু বিজেপিৰ নেতৃত্বৰ মাজত আলোচনা অনুষ্ঠিত হয়। সমাগত পঞ্চায়ত নিৰ্বাচনত ৰঙিয়া বিধানসভা সমষ্টিত বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰি বুজাবুজিৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ৰঙিয়া সমষ্টিৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতাই প্ৰকাশ কৰিছে। বিধানসভা সমষ্টিটোৰ অন্তৰ্গত ২৫ খন পঞ্চায়ত আৰু ৪ খন জিলা পৰিষদত বিজেপিৰ সৈতে মিত্ৰদলসমূহে বুজাবুজিৰ মাজেৰে আসনৰ ভাগ-বটোৱাৰা কৰিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিছে।

পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলাৰ তেজপুৰ, ৰঙাপাৰা আৰু বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত প’ষ্টেল বেলট পেপাৰ, ই ডি চি কোষ আৰু ড্রপ বক্স সুবিধা কেন্দ্ৰ স্থাপন কৰা হৈছে।
       উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল প্রক্রিয়া ৩ এপ্ৰিলত আৰম্ভ হৈছে আৰু ১১ এপ্ৰিলত অন্ত পৰিব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হব। ১৭ এপ্রিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। সেইদিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হব।

অধিক পঢ়ক

সকলো চাওক