ডাউনলোড
মোবাইল এপ

android apple
signal

April 4, 2025 12:23 PM | Panchyat election

printer

ৰাজ্যত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্রক্রিয়া আৰম্ভ

ৰাজ্যত অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্রক্রিয়া কালি আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। ১২ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব। ১১ মে’ত নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।

উল্লেখযোগ্য যে প্রথম পৰ্যায়ত অহা ২ মে’ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্ৰহণ কৰা হ’ব। দ্বিতীয় পৰ্যায়ত অহা ৭ মে’ত নামনি অসম আৰু মধ্য অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ হ’ব। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নির্বাচন হ’বলগীয়া অঞ্চলসমূহত নির্বাচনী আচৰণ বিধি বলৱৎ হৈছে।

পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আয়ুক্ত জয় শিৱানীয়ে জিলাখনত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দল, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাইজৰ সহযোগিতা কামনা কৰে ।

শিৱসাগৰ জিলাতো নিৰ্বাচন সন্দৰ্ভত জিলা আয়ুক্তই এখন সংবাদমেল আয়োজন কৰি জিলাখনৰ ৫টা আঞ্চলিক পঞ্চায়ত, ১২ খন জিলা পৰিষদৰ ৮২টা গাঁও পঞ্চায়তৰ তথ্য সদৰি কৰে।
       ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে কালি পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সংবাদমেল আয়োজন কৰি জিলাখনৰ মুঠ ১২৮ খন গাঁও পঞ্চায়তৰ লগতে ২০ খন জিলা পৰিষদ আৰু ১০ খন আঞ্চলিক গাঁও পঞ্চায়তত নির্বাচন অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰে। এহেজাৰ ৪৬৫টা ভোটকেন্দ্ৰত ভোটগ্রহণ হ’বলগীয়া জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ১০ লাখ ৪৩ হাজাৰ ১৯৩ জন বুলি তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক