ডাউনলোড
মোবাইল এপ

android apple
signal

April 12, 2025 12:43 PM | Election

printer

পঞ্চায়ত নিৰ্বাচনৰ বাবে ২ আৰু ৭ মে’ত স্থানীয় বন্ধৰ দিন ঘোষণা

ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে ২ আৰু ৭ মেত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি ২ মেত ৰাজ্যৰ ১৪ খন জিলা আৰু ৭ মেত ১৩ খন জিলাত স্থানীয় বন্ধ থাকিব। প্রথম পর্যায়ত অর্থাৎ ২ মেত নির্বাচন হবলগীয়া জিলাকেইখন হৈছে— তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। সেইদৰে দ্বিতীয় পৰ্যায়ত ৭ মেত নির্বাচন হবলগীয়া জিলাকেইখন হৈছে- ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, মৰিগাঁও, নগাঁও আৰু দৰং জিলা।

অধিক পঢ়ক

সকলো চাওক